অসম চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন প্ৰেৰণ কৰাই নাই কেন্দ্ৰীয় চৰকাৰলৈ

ৰাজ্যসভাৰ অধিবেশনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। এতিয়াও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন কমিটীয়ে দিয়া প্ৰতিবেদন। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন কমিটীখনে তেওঁলোকৰ প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত ৮ মাহ পূৰ্বেই দাখিল কৰিছিল। কিন্তু বাস্তৱত অসম আৰু অসমীয়াৰ বাবে অতিকৈ স্পৰ্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰৰ সদিচ্ছা আৰু আন্তৰিকতাৰ অভাৱৰ বাবেই ৮ মাহে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনকন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে। স্বয়ং কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উচ্চ সদনৰ মজিয়াত এই কথা পোহৰলৈ আনিছে।
বুধবাৰে ৰাজ্যসভাত বিজেপি সাংসদ সম্ভাজী চত্ৰপতিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা এক লিখিত প্ৰশ্নৰ জৰিয়তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন কমিটীয়ে দিয়া প্ৰতিবেদনখন পৰামৰ্শবলী সমুহ ৰূপায়নৰ অগ্ৰগতিৰ খতিয়ান সন্দৰ্ভত তথ্য বিচাৰিছিল। তাৰে উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনক জনায় যে প্ৰতিবেদনখন অসম চৰকাৰে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সম্ভাজী চত্ৰপতিয়ে ইংৰাজী ভাষাতে উত্থাপন কৰা লিখিত প্ৰশ্ন কেইটা আছিল ক্ৰমে-
১. কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে ৬ নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিলনে?
২. কমিটীয়ে কি কি পৰামৰ্শ দিলে?
৩. চৰকাৰে প্ৰতিবেদন পৰীক্ষা বা পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ কিমান সময় ল’ব?
৪.নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি?
এই চাৰিটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সদনক এই বুলি অৱগত কৰায় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কমিটীখনে নিৰ্ধাৰিত সময়ত তেওঁলোকৰ প্ৰতিবেদন অসম চৰকাৰৰ হাতত জমা দিছিল। কিন্তু অসম চৰকাৰে প্ৰতিবেদনখন এতিয়াও নিজৰ নিৰীক্ষণতে ৰাখিছে। প্ৰতিবেদনখন এতিয়াও অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই।