Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২,৫৩৪ গৰাকী। উল্লেখযোগ্য যে শুকুৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,৬২৮গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ১৬ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৫৮৮গৰাকী কামৰূপ মহানগৰৰ, ১৭২গৰাকী ডিব্ৰুগড়ৰ, ১৯৪গৰাকী যোৰহাটৰ আৰু ১৫৩ গৰাকী ধেমাজিৰ।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৩৮হাজাৰ ৩৩৯গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৫৭৭গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৮হাজাৰ ৩২৯গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৪৩০ গৰাকী লোকৰ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৬,৪১৩ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৬.৯৬ শতাংশ।