Local, Vocal, Global

সুখবৰ! অক্টোৱৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আন এক সুখবৰ। অক্টোৱৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বৃহস্পতিবাৰে বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী ছাফাৰী সংস্থা ৰিজ’ৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোকসকলৰ লগত এক আলোচনা চক্ৰত মিলিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ কথা প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’লেও কেতবোৰ ক্ষেত্ৰত থাকিব বহুতো বাধা। বিশেষকৈ ৬৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ কোনো পৰ্যটকে প্ৰৱেশ কৰিব নোৱাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ইতিমধ্যে ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰিছে কিছু নিৰ্দেশনা।

ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটক বাহনসমূহৰ প্ৰৱেশদ্বাৰত ছেনিটাইজাৰ কৰাৰ লগতে প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰোৱাব। যদি কোনোৱা পৰ্যটকৰ শাৰীৰিক অসুস্থতাই দেখা দিয়ে তেন্তে প্ৰশাসনে কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰিব।

অৱশ্য বান বিধ্বস্ত ৰাষ্ট্ৰীয় উদ্যানৰ বাট-পথসমূহ বৰষুণৰ বাবে মেৰামতি কৰাত কিছু বাধাৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতে যদি সকলো সুকলমে হয় তেনেহ’লে নিৰ্ধাৰিত সময়তে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাটো প্ৰায় নিশ্চিত।