Local, Vocal, Global

সাৱধান! শংকা আঁতৰ হোৱা নাই ৰাজ্যৰ পৰা

কৰ’না সংক্ৰান্তীয় সকলো বাধা আঁতৰিল কিন্তু আঁতৰা নাই ক’ভিডৰ ভয়াৱহ ৰূপ। বিগতত ১১ দিনত গুৱাহাটী মহানগৰীত কৰ’নাৰ আক্ৰান্ত হৈছে প্ৰায় ৬ সহস্ৰাধিক লোক। আনহাতে সমগ্ৰ অসমত কৰ’নাৰ আক্ৰান্ত হৈ মৃত্যু হৈছে ৯২ গৰাকীকৈ লোকে।

স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছেপ্তেম্বৰ মাহত অসমত কৰ’নাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ সম্ভৱনা আছিল বুলি ব্যক্ত কৰিছিল যদিও বৰ্তমানেও ৰাজ্যত অব্যাহতে কাল কৰ’নাৰ সংহাৰী ৰূপ। বিগত ১০ দিনত কেৱল গুৱাহাটীতেই কৰ’নাত আক্ৰান্ত হৈছে ৬,৮৭৮ গৰাকী ৷

  • ২৮ আগষ্টত আক্ৰান্ত ৫৬২ গৰাকী
  • ২৯ আগষ্টত আক্ৰান্ত ৪৫৯ গৰাকী
  • ৩০ আগষ্টত আক্ৰান্ত ৪৫৩ গৰাকী
  • ৩১ আগষ্টত আক্ৰান্ত ৭০০ গৰাকী
  • ১ ছেপ্তেম্বৰত আক্ৰান্ত ৬১৮ গৰাকী
  • ২ ছেপ্তেম্বৰত আক্ৰান্ত ৯২৪ গৰাকী
  • ৩ ছেপ্তেম্বৰত আক্ৰান্ত ৭৩৫ গৰাকী
  • ৪ ছেপ্তেম্বৰত আক্ৰান্ত ৬৭০ গৰাকী
  • ৫ ছেপ্তেম্বৰত আক্ৰান্ত ৭০০ গৰাকী
  • ৬ ছেপ্তেম্বৰত আক্ৰান্ত ৩৮২ গৰাকী
  • ৭ ছেপ্তেম্বৰত আক্ৰান্ত ৬৭৫ গৰাকী

ৰাজ্যত বৰ্তমানলৈকে কৰ’নাত আক্ৰান্ত হৈছে  ১,২৮,২২৪ গৰাকী ৷ ইয়াৰ ভিতৰত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২৮,৭৯৮গৰাকী। আনহাতে কৰ’নাত আক্ৰান্ত হৈ বিগতত ১১ দিনত মৃত্যুক সাৱটিলে ৯২ গৰাকীকৈ লোকে।

  • ২৮ আগষ্টত মৃত্যু ৮ গৰাকীৰ
  • ২৯ আগষ্টত মৃত্যু ৩ গৰাকীৰ
  • ৩০ আগষ্টত মৃত্যু ৭ গৰাকীৰ
  • ৩১ আগষ্টত মৃত্যু ১০ গৰাকীৰ
  • ১ ছেপ্তেম্বৰত মৃত্যু ৯ গৰাকীৰ
  • ২ ছেপ্তেম্বৰত মৃত্যু ৮ গৰাকীৰ
  • ৩ ছেপ্তেম্বৰত মৃত্যু ৭ গৰাকীৰ
  • ৪ ছেপ্তেম্বৰত মৃত্যু ১৫ গৰাকীৰ
  • ৫ ছেপ্তেম্বৰত মৃত্যু ৭ গৰাকীৰ
  • ৬ ছেপ্তেম্বৰত মৃত্যু ৮ গৰাকীৰ
  • ৭ ছেপ্তেম্বৰত মৃত্যু ১০ গৰাকীৰ

ৰাজ্যত কৰ’নাত ভয়াৱহতা বৃদ্ধি পোৱাৰ পিছতে ৰাজ্যবাসীৰ মাজত বৰ্তমান ধোৱা চাঙত উঠিছে সামাজিক দুৰত্ব আৰু পৰিধান নকৰে মাস্ক।