Local, Vocal, Global

বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ

ৰাজ্যবাসীৰ কাৰণে এটা  সুখবৰ। বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ। অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত নতুনকৈ ৩০৫৩ হেক্টৰ মাটিকালি অন্তৰ্ভুক্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্র প্ৰকল্পত।

ৰাজ্য চৰকাৰে নগাঁও আৰু শোণিতপুৰ জিলাৰ চাৰিটা প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিত অনুমোদন জনালে৷ বৃহস্পতিবাৰে অসম চৰকাৰে অন্তৰ্ভুক্তি সন্দৰ্ভত এক জাননী প্ৰকাশ কৰাৰ কথা জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে প্ৰকাশ কৰা মতে, দখলমুক্ত কৰা নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বান্দৰডুবি, পালখোৱা, দেউচুৰৰ লগতে প্ৰস্তাৱিত দেউচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত মকোৱা চাপৰি এলেকাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সংযোজন হিচাপে স্বীকৃতি দিছে অসম চৰকাৰে।উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, নগাঁও জিলাৰ অন্তৰ্গত দেউচুৰ,পালখোৱা আৰু দেউচুৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক ধৰি ১৭৬ হেক্টৰ ভূমি ৭ম, বান্দৰডুবিৰ ৩০৭ হেক্টৰ ভূমি ৮ম আৰু শোণিতপুৰ জিলাৰ জিয়াভৰলীৰ কাষৰীয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকোৱা চাপৰি ২৫৭০ হেক্টৰ ভূমি ৯ম সংযোজন হিচাবে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশ হৈ পৰিল৷
উল্লেখ্য যে ইয়াৰে বান্দৰডুবি ,দেউচুৰ আৰু পালখোৱাত অবৈধ বসতিৰ অভিযোগৰ ভিত্তিত ২০১৬ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ কৰা হৈছিল৷ আনহাতে তিনিটা নতুন সংযোজনৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৮৮৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯১৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পালে৷
উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰে যে ৭ম আৰু ৮ম সংযোজনত বন্যপ্ৰাণীৰ বিচৰণ ইতিমধ্যে আৰম্ভ হৈছে৷ লগতে, উদ্যান কৰ্তৃপক্ষ আশাবাদী যে, নতুন পৰিসৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক অধিক সুৰক্ষিত কৰিব।