Local, Vocal, Global

দেশত ৩০ লাখ অতিক্ৰম সুস্থ হোৱা ৰোগীৰ সংখ্যা

দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে আৰোগ্য হোৱা ৰোগীৰ সংখ্যাও। দেশত ৩০ লাখ অতিক্ৰম সুস্থ হোৱা ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮৩,৩৪১ গৰাকী। দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ৩৯,৩৬, ৭৪৭ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ৬৮,৪৭২ গৰাকী। দেশত বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৩০,৩৭, ১৫১ গৰাকী। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৩১,১২৪গৰাকী।