Local, Vocal, Global

এটি ৬ বছৰীয়া বন্যহস্তীৰ কৰুণ মৃত্যু

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বগাপানী হাতী দণ্ডীৰূপে খ্যাত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৩০ আগষ্টত ডিগবৈ বন সংমণ্ডলৰ অন্তুৰ্গত মাৰ্ঘেৰিটাৰ ২নং মাকুমপথাৰত এটি বন্যহস্তী ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই দ্বিতীয়টো বন্যহস্তীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। আজি ডিগবৈৰ বগাপানীৰ হাতীদণ্ডী ৰূপে খ্যাত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি বনৰীয়া হাতীৰ মৃতদেহ আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় ৬ বছৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও হাতীটোৰ নাকৰ পৰা তেজ ওলাই থকা প্ৰত্যক্ষদৰ্শীয়ে দেখিবলৈ পোৱাত এক ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাক লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ হাতী কৰিড’ৰৰূপে খ্যাত বগাপানী হাতী কৰিড’ৰটোৰে প্ৰত্যেকদিনাই জাক জাক হাতী অহা-যোৱা কৰি থকাৰ পিছতো বন বিভাগে এই কৰিড’ৰটো সুৰক্ষা প্ৰদানত চৰমভাৱে ব্যৰ্থ হৈছে বুলি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে সদৰী কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে  বহু বছৰ আগত ৰে’লৰ খুন্দাত ৭টাকৈ হাতীৰ মৃত্যু হোৱাৰ পিছত পৃথকে পৃথকে কেইবাটাও হাতীয়ে মৃত্যুক সাবটি লব লগা হৈছে। বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ প্ৰকৃতিপ্ৰেমী আৰু সচেতন মহলে দাবী জনাইছে।