Local, Vocal, Global

অনিশ্চিত ভৱিষ্যতৰ আশংকাত কাজিৰঙাৰ এখন গাঁও

অনিশ্চিত ভৱিষ্যতৰ আশংকাত কাজিৰঙাৰ ২নং শিলডুবি বৰবিল মিচিং গাঁৱৰ বাসিন্দা ৷ প্ৰস্তাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজনত গাঁওখন অন্তৰ্ভুক্ত হোৱাৰ পাছত দুঃচিন্তাত পৰিছে গাঁওখনত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকল৷ গাঁওখনৰ ৰাইজৰ অভিযোগ ৫০ বছৰৰ পূৰ্বে তেওঁলোকক অঞ্চলটো বসবাস কৰাৰ সুবিধা দিছিল চৰকাৰে ৷ কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া গাঁওখন  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন কৰাৰ পৰিকল্পনা আৰম্ভ হোৱাৰ পাছত বন্ধ হৈ পৰিছে সকলো উন্নয়নমূলক কাম-কাজ। যাৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে গাঁওখনৰ বাসিন্দাই। বাট-পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে বৰবিলৰ বাসিন্দাক ৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ অৱস্থাও তথৈৱচ৷ পথৰ দুৰৱস্থাৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰাও বঞ্চিত এইসকল লোক৷ বোকাখাত সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ ৰাইজৰ অভিযোগ স্থানীয় বিধায়ক অতুল বৰা নিৰ্বাচনৰ আগত গাঁৱখনলৈ আহিছিল যদিও যোৱা পাঁচটা বছৰত এবাৰ মাত্ৰ কৰ’নাকালীন সাহায্য বিতৰণৰ বাবেহে আহিল৷ ৰাইজৰ মতে জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে চিন্তা কৰিব বুলি সকলোৱে আশা কৰিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷