Local, Vocal, Global

দায়িত্বজ্ঞানহীনতা! কৰ’না আক্ৰান্ত হৈ মৃত ব্যক্তি দুবাৰকৈ সৎকাৰ

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এগৰাকী ব্যক্তিক দুবাৰকৈ সৎকাৰ। NHHJU
ঘটনা অনুসৰি আজাদসাগৰ ৰোডৰ সুবীৰ দাস নামৰ এগৰাকী ব্যক্তিৰ শিলচৰ মেডিকেল কলেজত চিকিৎলয়ত কৰ’নাত মৃত্যু হয়। পিছত এই গৰাকীক কৰিমগঞ্জ লৈ পঠিয়াই দিয়া হয় আৰু ক’ভিডৰ প্ৰ’টোকল অনুসৰি লংগাই শ্মশানঘাটত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হয়। কিন্তু পিছদিনা স্থানীয় ৰাইজে দেখিবলৈ পায় মৃতদেহটো আধা জ্বলা অৱস্থাত পেলাই থৈ যোৱা হৈছে। যাৰ ফলতে সমগ্ৰ এলেকাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। এনে পৰিস্থিতিত স্থানীয় ৰাইজে সূজন দেবৰয়ৰ লগতে আন এগৰাকী লোক আহি পিপিকিট পিন্ধি মৃতদেহটোৰ অসম্পূৰ্ণ বাকী অংশটোৰ সৎকাৰ কৰে। কিন্তু ক’ভিডৰ প্ৰ’টোকল অনুসৰি মৃতদেহ সৎকাৰৰ কাম জিলা প্ৰশাসনে কৰিব লাগিছিল কিন্তু ইয়াৰ ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গ’ল কৰিমগঞ্জ লংগাই শ্মশান ঘাটত। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ওপৰত যথেষ্ট দায়িত্ব জ্ঞানহীনতাৰ অভিযোগ উত্থাপিত কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।