অচিন পোকে নিদ্ৰাহৰণ কৰিছে তেজপুৰৰ কৃষকৰ

ৰাজ্যজুৰি চৰ্চাত ‘পথাৰো আমাৰ-বজাৰো আমাৰ’ কিন্তু ৰাজ্যৰ পথাৰ সমূহত পৰিলক্ষিত হৈছে বিপৰীত ছবি। সমস্যাই জুৰুলা কৰিছে ৰাজ্যৰ কৃষকক। সমস্যাই পিছে-পিছে খেদি ফুৰিছে তেজপুৰৰ কৃষক ৰাইজক। প্ৰথমে বৰষুণৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলিলে। বৰ্তমান কিছু পৰিমাণে বৰষুণ হোৱাৰ পিছত খেতিপথাৰত অচিন পোকৰ আক্ৰমণ। শোণিতপুৰ জিলাৰ তেজপুৰ থানাৰ অন্তৰ্গত ডিপোটা, মিলনপুৰ, বিন্দুকুৰি অঞ্চলত শ-শ বিঘা কৃষিভূমিত অচিন পোকৰ আক্ৰমণ। দুৰ্ভগীয় কৃষক ৰাইজে নিজাববীয়াকৈ কীটনাশক দ্ৰৱ্য ব্যৱহাৰ কৰিছে যদিও কোনোধৰণৰ সুফল লাভ কৰা নাই। শুঁড় পোকতকৈও অতি ভয়ংকৰ এইবিধ পোক। শুঁড় পোকে কঁঠীয়াৰ আগবোৰ খায় যদিও গুড়িৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এইবিধ পোকে কঁঠীয়াৰ আগ নহয়, কঁঠীয়াৰ গুড়্ৰিৰ মাজৰ কুমলীয়া অংশ কাটি পেলোৱাত কঁঠীয়াৰ গছতো সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰে।