পৰিত্যক্ত লাকুৱাৰ ঐতিহাসিক আমলখি দেওশাল

আহোম সকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী লাকুৱাৰ আমলখি দেওশাল। লাকুৱাৰ দিচাং নদীৰ কাষত অৱস্থিত এই দেওশালখনৰ মাটি ৰঙা আছিল বাবে দেওশালখন ৰঙাগড় আমলখি দেওশাল নামেৰেও জনাজাত বুলি লেছেৰি বুটলা বুৰঞ্জীত উল্লেখ আছে। এই দেওশালত প্ৰতিবাৰ বছৰৰ অন্তৰত অনুষ্ঠিত হৈ আহিছে আহোম সকলৰ অন্যতম ধৰ্মীয় কাৰ্য ওমফা পূজা। লোক বিশ্বাস অনুসৰি অতি জাগ্ৰত এই আমলখি দেওশালখন স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত স্থাপন কৰা বুলি কোনো বুৰঞ্জীবিদে উল্লেখ কৰিছে।
অতি পৰিতাপৰ কথা যে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ঐতিহাসিক দেওশালখন আজি পৰিত্যক্ত। ৰজাঘৰৰ অমনোযোগিতাৰ বাবেই আজি ধ্বংসৰ গৰাহত পৰিছে ঐতিহাসিক দেওশালখন। দিচাং নদীৰ গৰাখহনীয়াই দেওশালখনৰ বিস্তৰ ভূমি কিছু বছৰৰ পূৰ্বে ক্ষতিগ্ৰস্ত কৰাৰ লগতে সম্প্ৰতি পানীৰ তলত জাগ্ৰত দেওশালখন। বাৰিষা আহিলেই অহা-যোৱা কৰা পথ হেৰাই দেওশালখনৰ। বিভিন্ন সময়ত মন্ত্ৰী-বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিয়ে আমলখি দেওশালত উপস্থিত হৈ বিভিন্ন ধৰ্মীয় কাৰ্য পালন কৰি আহিছে যদিও কিন্তু আজিলৈকে উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। যি সময়ত ৰাজ্য চৰকাৰে ধৰ্মীয় অনুষ্ঠানবোৰ সংৰক্ষণ তথা উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিছে সেই সময়ত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে নিজ সমষ্টিৰ অন্তৰ্গত আমলখি দেওশাল উন্নয়নত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে দল-সংগঠন তথা স্থানীয় ৰাইজে।