সান্ধ্য আইনৰ মাজতে ৰাজ্যত অব্যাহত চোৰাং গৰুৰ বেহা

সমগ্ৰ ৰাজ্যতে অব্যাহত গৰুৰ চোৰাং বেহা। উজনি-নামনি সৰ্বত্ৰে সৰৱ হৈ উঠিছে চোৰাং গৰুৰ ব্যৱসায়ী চক্ৰ। উলুৱনী আৰক্ষীয়ে জব্দ কৰিলে ১৩খন বাহনসহ ৮৭ টা চোৰাং গৰুৰ লগতে আটক কৰিবলৈ সক্ষম হয় ২৫ জনকৈ চোৰাং ব্যৱসায়ীক। উল্লেখ্য যে এই চোৰাং গৰুসমুহ উজনি অসম আৰু উত্তৰ পাৰৰ পৰা অনা হৈছিল।
আনহাতে মঙলবাৰে সন্ধিয়া নুমলীগড়তো ৰংমঙৰ পৰা অবৈধ গৰু সৰবৰাহ কৰা এখন বলেৰ’ পিকআপ ভান জব্দ কৰে কহঁৰা আৰক্ষীয়ে ৷ কাজিৰঙাৰ গেলেকীত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত নুমলীগড়ৰ পৰা নগাঁৱৰ লংকালৈ ৭ টা গৰু কঢ়িয়াই অনা পিকআপ ভান খন জব্দ কৰে আৰক্ষীয়ে ৷ গাড়ীখনৰ গৰু কঢ়িয়াবলৈ নাছিল কোনো ধৰণৰ অনুমতি। কেৱল গাঁওবুঢ়াৰ এখন কাগজ লৈয়ে গৰু সৰবৰাহ কৰা গাড়ীখন আৰক্ষীয়ে জব্দ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ৷