Local, Vocal, Global

ধেমাজিত আছু আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণ হ’ল দলং

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ মৰিঢল অঞ্চলৰ জামুগুৰিতো এতিয়া বানৰ  তাণ্ডৱ । বানপানীৰ ফলত ঠায়ে ঠায়ে চিগি চূৰ্ন বিচূৰ্ন হৈছে ৰাস্তা পদূলী । যাৰফলত যাতায়তৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হয় স্থানীয় ৰাইজ। উল্লেখ্য যে , মৰিঢলৰ পৰা জামুগুৰি সংযোগী পথৰ মাজত থকা এখন নদীৰ  ফলত গাৱঁতে আৱদ্ধ হৈ থাকিব লগীয়া হয় স্থানীয় ৰাইজ । আৰু সেই অসুবিধাৰ প্ৰতি লক্ষ্য ধেমাজি জিলা ছাত্ৰ সন্হাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হয় এখন বাঁহৰ দলং ।  বিভিন্ন সময়ত উক্ত স্থানত ধেমাজি বিধায়ক তথা জন প্ৰতিনিধি সকলে দলংখনৰ নিৰ্মাণ কৰি দিয়া প্ৰতিশ্ৰুতি দিয়ে যদিও আজি পৰ্যন্ত  দলংখনৰ নিৰ্মাণ কাৰ্য  কাৰ্যকৰী  নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।