বকলীয়াঘাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট যমুনা নদীত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ। পানীত ওফন্দি থকা যমুনা নদীত থকা স্থানীয়লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। ৬০উৰ্ধৰ অচিনাক্ত লোকজনে সম্ভৱত গা ধুৱলৈ বুলি যমুনা নদীত নামিছিল আৰু পানীৰ সোঁতে কোৱাল সোতে লোকজনক উটুৱাই নিয়া বুলি সন্দেহ স্থানীয়লোকৰ।প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বৃদ্ধ লোকজনক পানীৰ পৰা উঠোৱাৰ সময়লৈকে জীৱিত অৱস্থাতে আছিল যদিও ক্ষন্তেক পিছতে মৃত্যু ঘটে লোকজনৰ৷ বকলীয়াঘাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।অচিনাক্ত মৃতদেহ উতি অহাৰ খবৰে সমগ্ৰ বকলীয়াঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷