Local, Vocal, Global

পথ নিৰ্মাণৰ নামত চলিছে ব্যাপক দুৰ্নীতি

তিনিচুকীয়াৰ বৰগুৰি গাওঁ পঞ্চায়তৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি ৷ বৰগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ নম্বৰ ৱাৰ্ডৰ প্ৰেৰণা পথৰ নিৰ্মাণত বোকা মিশ্ৰিত শিল পেলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ২ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ৩.৫ মিটাৰ দৈৰ্ঘৰ পথটোত হাবি-বন চাফা নকৰাকৈয়ে বোকা মিশ্ৰিত শিল দি দায়িত্ব সামৰাত ৱাৰ্ডটোৰ সদস্যগৰাকীৰ ওপৰত সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ । পূৰ্বৰ তুলনাত বোকা মিশ্ৰিত শিল দিয়াৰ পিছতে পথটো অধিক বোকাময়  হৈ পৰিছে ৷  স্থানীয় লোকে ইতিমধ্যে পঞ্চায়তৰ সভাপতিক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে । ইফালে অতি সোনকালে চৰকাৰী বিষয়া আহি পথটো পৰ্য্যবেক্ষণ কৰাৰ লগতে সুন্দৰকৈ নিৰ্মাণ কৰিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে ।