Local, Vocal, Global

 মৃত্যুৰ সৈতে যুঁজিছে বলীউডৰ জনপ্ৰিয় পৰিচালক নিশিকান্ত কামাতে

মৃত্যুৰ সৈতে যুঁজিছে বলীউডৰ জনপ্ৰিয় পৰিচালক নিশিকান্ত কামাতে। হায়দৰাবাদৰ এখন বেচৰকাৰী হাস্পতালত সম্প্ৰতি মৃত্যুৰ সৈতে যুঁজিছে বলীউডৰ জনপ্ৰিয় পৰিচালকগৰাকী। সোমবাৰে পুৱা একাংশ সংবাদ মাধ্যমত কামাতৰ মৃত্যুৰ খবৰ বিয়পিচিল যদিও চিকিৎসকৰ মতে, কামাতৰ অৱস্থা সংকটজনক, তেওঁ সম্প্ৰতি ভেণ্টিলেচনত আছে। নিশিকান্ত দীৰ্ঘদিন ধৰি ‘ছিৰছিছ অব লিভাৰ’ ৰোগত আক্ৰান্ত হৈ আছে। সোমবাৰে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।

নিশিকান্ত মাৰাঠী ছবিৰ পৰা জনপ্ৰিয় হৈ পৰিছিল। বলিউডৰ মাদাৰী, মুম্বাই মেৰী জান, ফ’ৰ্চ, দৃশ্যম, ৰকি হেণ্ডছামৰ দৰে ছবি পৰিচালনা কৰি জনপ্ৰিয়তা অৰ্জন কৰে নিশিকান্তই।