Local, Vocal, Global

Tamil Nadu Firecracker Factory Blast: আতচবাজীৰ গুদামত ভয়ংকৰ বিস্ফোৰণ,নিহত ৮জন

নেশ্যনেল ডেস্ক,২৯জুলাই : তামিলনাডু ভয়ংকৰ বিস্ফোৰণ । তামিলনাডুৰ আতচবাজীৰ গুদামত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা (Tamil Nadu Firecracker Factory Blast)। শণিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । এই বিস্ফোৰণ ফলত প্ৰায় ৮ গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে । বিস্ফোৰণৰ ফলত অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে( Eight Dead in Tamil Nadu Firecracker Factory Blast) ।

জানিব পৰা মতে, তামিলনাডুৰ কৃষ্ণগিৰি চহৰত আতচবাজীৰ গুদামত সংঘটিত হৈছে এই বিস্ফোৰণ ঘটনা । কৃষ্ণগিৰি চহৰখনৰ পালায়াপেট্টাই অঞ্চলৰ এটা গুদামত আতচবাজীৰ জমা কৰি থোৱা গুদামত বিস্ফোৰণটো সংঘটিত হয় ।এই বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে ইয়াৰ ফলত ৮ গৰাকীকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়(8 killed in explosion in firecracker godown in Krishnagiri) ।

প্ৰাপ্ত তথ্য অনুসৰি, এই বিধ্বংসী বিস্ফোৰণে সমগ্ৰ অঞ্চল উত্তেজনাৰ সৃষ্টি কৰিছে । বিস্ফোৰণৰ পিছতে ইয়াৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু উদ্ধাৰকাৰী দল আৰু দুৰ্ঘটনাস্থলীত উপস্থিত হয়(Firefighters and Rescue Teams Rush to Scene) ।
উল্লেখ্য যে, বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে আতচবাজীৰ গুদামত কৰ্মৰত কৰ্মচাৰী প্ৰায় ২০০ মিটাৰ দূৰলৈ উৰি যায় ।

আনহাতে দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰু বিস্ফোৰণস্থলীৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আৰু ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে বহু লোকক উদ্ধাৰ কৰে আৰু বহু লোকক চিকিৎসাৰ বাবে কৃষ্ণগিৰি চৰকাৰী চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে ।উদ্ধাৰ বহু লোকক গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে ।

আনহাতে এই শোকাৱহ ঘটনাটোত নিহত হয় কেইবাগৰাকী লোক ইয়াৰ ভিতৰত আতচবাজী গুদামটোৰ স্বত্বাধিকাৰী ৰবি আৰু তেওঁৰ পত্নী জয়শ্ৰীও আছিল বুলি জানিব পৰা গৈছে । বিস্ফোৰণত নিহত লোকসকল হৈছে ক্ৰমে ৰিতিশ, ৰিতিকা, চিমৰণ, ইব্ৰা, ৰাজেশ্বৰী আৰু সৰচু ।

জানিব পৰা মতে, এই ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুগৰাকী পথচাৰীও এই বিস্ফোৰণত নিহত হয় । প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি গেছ চিলিণ্ডাৰ লিক হোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হৈছে । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Arunachal Pradesh in Landslide : ভয়ংকৰ ভূমিস্খলন! পাহাৰৰ পৰা বাগৰি অহা ঢলে উটুৱাই নিলে এখন বাহন