Local, Vocal, Global

77th independence day: দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন

নেশ্যনেল ডেস্ক, ১৫আগষ্ট : আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতাৰ দিন। লালকিল্লাত দশমবাৰৰ বাবে ত্ৰিৰংগা উৰুৱালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

পতাকা উত্তোলনৰ লগে লগে আৰম্ভ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন…’। নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম অ–কংগ্ৰেছী প্ৰধানমন্ত্ৰী, যিয়ে একেলগে ১০বাৰলৈ লালকিল্লাৰ পৰা জাতীয় পতাকা উত্তোলন কৰে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নিজৰ দ্বিতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

স্বাধীনতা দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ অংশগ্ৰহণেৰে ‘জন ভাগিদাৰী’ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ বিভিন্ন স্তৰৰ ১,৮০০ বিশেষ অতিথিক আমন্ত্ৰণ কৰা হৈছে।

দেশৰ লগতে অসমতো স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা। লগতে প্ৰতিখন জিলাতে স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক :77th Independence Day : আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস