Local, Vocal, Global

Food poisoning in Jonai : খাদ্যৰ বিষক্ৰিয়া ঘটি অসুস্থ ৭২জনকৈ লোক

জোনাই, ৭জুলাই : প্ৰসাদ খাই অসুস্থ ৭২জনকৈ লোক(Food Poisoning In Jonai) । জোনাইত সংঘটিত হৈছে এই ঘটনাৰ । কিশোৰ-কিশোৰাকে ধৰি অসুস্থ ৭২গৰাকীৰো অধিক ।

জানিব পৰা মতে, জোনাই ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰৰ প্ৰসাদ খাই অসুস্থ হৈছে ৭২জনকৈ লোক(72 People Hospitalized Due to Food Poisoning In Jonai) । খাদ্যৰ বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰে লোককেইজন ।

উল্লেখ্য় যে ,বুধবাৰে ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰত সমূহীয়াভাৱে আয়োজন কৰিছিল আঞ্চলিক ভাগৱত কীৰ্তন অনুষ্ঠানৰ ।তাৰ পিছত বৃহস্পতিবাৰে বিয়লি ভাগৱত নাম-কীৰ্তনৰ প্ৰসাদ ভগাই দিছিলে আৰু এই প্ৰসাদ গ্ৰহণ কৰাৰ পিছত ,প্ৰসাদ গ্ৰহণ কৰা লোকসকলৰ দেহত মূৰৰ বিষ,জ্বৰ,ল পেটৰ বিষ, বমি, গাৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে(Food Poisoning In Jonai) ৷

ইয়াৰ পিচতে ততাতৈয়াকৈ হাস্পতালত ভৰ্ত্তি কৰাই অসুস্থলোকসকলক(Food poisoning)। বৰ্তমান অসুস্থ লোকসকলক ডেকাপাম অৱমনলা প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ স্থাপন কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু সংকটজনক অৱস্থাত থকা লোককেইজনক উন্নত চিকিৎসাৰ বাবে ধেমাজি লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Man Elephant Conflict : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত