Local, Vocal, Global

৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা! অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতি…

ডিজিটেল ডেস্ক:- কলকাতাৰ তিলজালা অঞ্চলত পৰিস্থিতি সৃষ্টি।এগৰাকী শিশুক চুবুৰীয়া এজন ব্যক্তিয়ে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ।ঘটনাই সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ।তথ্য অনুসৰি দেওবাৰৰ ৰাতিপুৱাৰ পৰা সন্ধানহীন হৈ আছে কুষ্টিয়াৰ শ্ৰীধৰ ৰয় ৰোডৰ বাসিন্দা ৭ বছৰীয়া শিশুটি

পৰিয়ালৰ লোকে ঘটনাসন্দৰ্ভ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰে। তদন্ত কৰি আৰক্ষীয়ে অঞ্চলটোৰে এটা এপাৰ্টমেণ্ট ব্লকৰ এটা ফ্লেটত পৰা শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে।
স্থানীয় লোকে অভিযোগ কৰা অনুসৰি আৰক্ষীৰ হেমাহিৰ বাবে শিশুটিৰ মৃত্যু হয়। স্থানীয় লোকে অভিযোগ কৰে যে শিশুটিক বিচাৰি উলিওৱাত পলম কৰাৰ বাবেই শিশুটিক হত্যা কৰা হয়। ঘটনাক লৈ স্থানীয় লোক সকলে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে ৰে’লপথো অৱৰোধ কৰে। ঘটনাৰ লগত জড়িত তিনিজন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।