Local, Vocal, Global

অৰুণাচলত কাম কৰিবলৈ গৈ সন্ধানহীন ৭ গৰাকীকৈ যুৱ শ্ৰমিক

নিউজ ডেক্স ,১৭জুলাই : অৰুণাচলত কাম কৰিবলৈ গৈ সন্ধানহীন ৭ গৰাকীকৈ যুৱ শ্ৰমিক। কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলাউৰা গাঁৱৰ ৭ জনকৈ যুৱ শ্ৰমিকৰ সন্ধান নোপোৱাৰ পিছৰে পৰাই পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।

যোৱা ৩০ মেত,’ বঙাইগাঁও জিলাৰ অভয়াপুৰি লালমাটিৰ এজন ঠিকাদাৰে বগুলাউৰা গাঁৱৰ মজিদুল আলী , মনোৱাৰ আলী , ছমিজুল সেখ , আবুল হুছেইন , কলেপুদ্দিন সেখ , ফৰিজুল হক আৰু আয়নাল হক ক শ্ৰমিকৰ কাম দিয়াৰ ছলেৰে অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ লৈ গৈছিল।

কিন্তু শ্ৰমিক কেইজনক নিয়াৰ দিনৰে পৰা শ্ৰমিক সকলৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে।

এই ক্ষেত্ৰত শ্ৰমিকসকলৰ পৰিয়ালৰ লোকে ঠিকাদাৰ ৰেজাউল কৰিমৰ সৈতে যোগাযোগ কৰাত ৰেজাউলে ওলোটাই দুব্যৱহাৰ কৰে শ্ৰমিক সকলৰ পৰিয়ালক আৰু সন্ধানহীন যুৱক সকলৰ বিষয়ে কোনো কথাই নজনায় পৰিয়ালবৰ্গক ।

উপায়ন্তৰ হৈ শ্ৰমিক সকলৰ পৰিয়ালৰ লোকে যোৱা ৯ জুলাইত কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কিন্তু ইয়াৰ পিছতো কোকৰাঝাৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে সন্ধানহীন সকলৰ পৰিয়ালে। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ্ৰমিক সকলক উদ্ধাৰ কৰিবলৈ পৰিয়ালৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে অনুৰোধ জনাইছে।