Local, Vocal, Global

School bus-car collision in Delhi : পুৱাই স্কুল বাছত প্ৰচণ্ড খুন্দা SUV ৰ, দুৰ্ঘটনাত ২ শিশুসহ কমেও ৬ জন লোক নিহত

নেশ্যনেল ডেস্ক, ১১ জুলাই : মঙলবাৰে পুৱা দিল্লী মীৰুট এক্সপ্ৰেছৱে’ত এখন স্কুল বাছ আৰু গাড়ীৰ সংঘৰ্ষত কমেও ৬ জন লোকৰ মৃত্যু হয় (School bus-car collision in Delhi) । স্কুল বাছৰ সৈতে এখন এছ ইউ ভিৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত দুটি শিশুকে ধৰি কমেও ৬ জন লোকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ভয়াবহ দুৰ্ঘটনাটো (School bus-car collision in Delhi)।

মঙলবাৰে পুৱা দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই দুৰ্ঘটনা । দ্ৰুতবেগী গাড়ীখনে স্কুল বাছখনত খুন্দা মাৰে। বাছখন বৰ বেছি ক্ষতিগ্ৰস্ত হোৱা নাই যদিও গাড়ীখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে । এই দুৰ্ঘটনা ফলত গাড়ীখনৰ যাত্ৰীৰ মৃত্যু হয় । আনহাতে স্কুল বাছখনত থকা ছাত্ৰ-ছাত্ৰী আহত হয় ।

আৰক্ষীৰ জনোৱা অনুসৰি, মঙলবাৰে পুৱা ৬.০০ বজাত দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰে গৈ আছিল স্কুল বাছখন (Delhi-Meerut Expressway near Ghaziabad)। ৰাহুল বিহাৰৰ সমীপত হঠাৎ সোঁফালৰ পৰা তীব্ৰ বেগত আহি এখন এছ ইউ ভি-য়ে স্কুল বাছখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত গাড়ীৰ সন্মুখৰ অংশ বিধ্বস্ত হৈ পৰে । এই দুৰ্ঘটনাত দুটি শিশুকে ধৰি কমেও ৬ জন লোকৰ মৃত্যু হয় । আন দুজন আহত হয়।

জানিব পৰা মতে গাড়ীখনত ৮ জন লোক আছিল । বাছখন নয়ডাত থকা বাল ভাৰতী স্কুল বাছ আছিল ।

দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী বিষয়াসকল । তেওঁলোকে গাড়ীৰ দুৱাৰ কাটি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰে প্ৰতাপগড়ত তীব্ৰ বেগেৰে অহা এখন টেংকাৰ টেম্পাৰত খুন্দা মৰাৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হোৱা বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। প্ৰতাপগড়ৰ লীলাপুৰ থানা এলেকাৰ মোহনগঞ্জ বজাৰৰ সমীপৰ লক্ষ্ণৌ বাৰাণসী ঘাইপথত সংঘটিত হৈছল এই দুৰ্ঘটনাটো ।

লগতে পঢ়ক : NIA raids 5 places in Kashmir : সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত দক্ষিণ কাশ্মীৰৰ ৫ স্থানত NIAৰ অভিযান