Local, Vocal, Global

Rajasthan Road accident: ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা ; নিহত ৬গৰাকীকৈ লোক

নেশ্যনেল ডেস্ক, ২২আগষ্ট : ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন যাত্ৰীভৰ্তি জীপ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত নিহত হয় ৬গৰাকীকৈ লোক, আহত হয় ১১গৰাকীকৈ লোক। আহত লোকসকলৰ অৱস্থা অতি সংকটজনক(Rajasthan Road accident) ।

ৰাজস্থানৰ দৌচা জিলাত শোকাৱহ পথ দুৰ্ঘটনা । ৰাজস্থানৰ মান্দাৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। মান্দাৱাৰৰ বীৰাসনা পথত যাত্ৰীভৰ্তি জীপ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আৰু ট্ৰাকখন জীপখনৰ ওপৰত বাগৰি পৰে । ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মান্দাৱাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰু লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে জনোৱা মতে ,এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ৬ গৰাকী লোকৰ নিহত হয় । লগতে আহত হয় কেইবাগৰাকীকৈ লোক ।এই দুৰ্ঘটনাৰ সময়তে ঘটনাস্থলীত থিতাতে নিহত হয় ৪ জন লোক আৰু আন দুজন লোকৰ মৃত্যু হয় চিকিৎসাৰ সময়ত । মৃতলোককেইজনৰ মৃতদেহ মাহৱা চিএইচচিৰ মৰ্গত ৰখা হৈছে । আনহাতে দুৰ্ঘটনাটোত আহত লোকসকলক চিকিৎসাৰ বাবে মাহৱা চিএইচচিলৈ প্ৰেৰণ কৰা হৈছে (6 killed 11 injured as truck rams into jeep in Rajasthan) ।

প্ৰাপ্ত তথ্য অনুসৰি, শীতল পানীয়ৰে ভৰ্তি ট্ৰাকখন আলৱাৰৰ পৰা মাহৱা অভিমুখে গৈ আছিল । আনহাতে জীপখন মাহৱাৰ পৰা মান্দাৱাৰ অভিমুখে গৈ আছিল । এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে জীপখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় । আৰক্ষীয়ে জেচিবি আৰু ক্ৰেনৰ সহায়ত ট্ৰাকখন আঁতৰাই জীপখনৰ পৰা আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে( 6 Killed 11 Injured as Truck Rams into Jeep in Rajasthan Dausa) ।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সময়ত অঞ্চলজুৰি বৰষুণ হৈ আছিল । যাৰ বাবে আৰক্ষী আৰু স্থানীয় লোকসকলে উদ্ধাৰ অভিযানৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ।

ইফালে মুখ্যমন্ত্ৰী অশোক গেহলটে এই দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে । এই ঘটনাটোৰ বিষয়ে বিধায়ক ওম প্ৰকাশ হুডাৰ পৰা তথ্য সংগ্ৰহ কৰে । মুখ্যমন্ত্ৰী অশোক গেহলটে এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত আহত লোকসকলৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহন কৰিবলৈও নিৰ্দেশ দিয়ে (Terrible road accident in Dausa 6 killed 11 injured in truck) ।

লগতে পঢ়ক :Ladakh accident: লাডাখত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনা জোৱানৰ বাহন, ৯জন ভাৰতীয় সেনাৰ মৃত্যু