Local, Vocal, Global

WATCH | 537th birth anniversary of Sri Sri Madhavadeva : বিশ্বনাথত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

বিশ্বনাথ,১২জুন : আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী উদযাপন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰ নৱপুৰস্থিত শংকৰদেৱ সংঘৰ।

আঞ্চলিক নামঘৰ প্ৰাংগনত মাধৱদেৱৰ জন্ম জয়ন্তী ভাগ বিশ্বনাথ শংকৰদেৱ আঞ্চলিক সংঘৰ উদ্যোগত উদযাপন কৰা হয়(537th birth anniversary of Sri Sri Madhavadev)৷

পুৱাৰ ভাগত নাম প্ৰসংগ ,বৃক্ষ ৰোপণ ,ধৰ্ম ধ্বজা উত্তোলন কৰা হয়৷ মাধৱদেৱ জন্ম জয়ন্তীৰ সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে ২০২৪ ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ১১০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়৷ ছাত্ৰ ছাত্ৰীক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবৰ বাবেই শ্ৰীমন্তশঙ্কৰদেৱ সংঘই এই পদক্ষেপ হাতত লয়৷

লগতে পঢ়ক : WATCH | Ahmedabad Plane Crash :আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা