WATCH | Ahmedabad Plane Crash :আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা
নিউজ ডেস্ক,১২জুন : আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত । AI 171 নম্বৰৰ বিমানখন দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰে। কিন্তু উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ জনবসতিপূৰ্ণ ভাঙি পৰে বিমানখন।দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমানখন। ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন। উৰা মৰাৰ পিছ মুহূৰ্ততে দুৰ্ঘটনাত পতিত হৈ জ্বলি উঠে বিমানখন। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ সাতখন গাড়ী উপস্থিত হৈছে। আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ নিয়া হৈছে(Ahmedabad Plane Crash)।
এই ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিছে অমিত শ্বাহে।
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানীও বিমানখনত থকাৰ আশংকা কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে এনডিআৰএফৰ দল।
লগতে পঢ়ক : WATCH | Heat Wave : আজি গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ