Local, Vocal, Global

মিজোৰামত আৰক্ষীৰ অভিযানত জব্দ ৫০০ গ্ৰাম হেৰোইন

নিউজ ডেস্ক, ৩১ জুলাই : মিজোৰামৰ নিৰাপত্তাৰক্ষীৰ বিষয়াসকলে বিগত কেইদিনমানত ৰাজ্যজুৰি ৩০ লাখ টকাৰ হেৰোইন উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিয়ে।

মিজোৰামৰ আবকাৰী আৰু নিচাজাতীয় সামগ্ৰী বিভাগৰ বিষয়াসকলে সম্ভাৱ্য ড্ৰাগছৰ ব্যৱসায় বৃদ্ধিৰ বিষয়ে নিৰ্দিষ্ট তথ্য পোৱাৰ পিছত শেহতীয়া অভিযানত আৰক্ষীয়ে ৫০০ গ্ৰাম হেৰোইন জব্দ কৰে।

ৰাজ্যখনৰ চম্ফাই জিলাৰ হনাহলান চহৰৰ পৰা জব্দ কৰা হৈছিল আৰু জব্দ কৰা হেৰোইনৰ মূল্য প্ৰায় ৬ লাখ টকা বুলি অনুমান কৰা হৈছে।

ইফালে, তেওঁলোকে ম্যানমাৰৰ এজন নাগৰিককো নিষিদ্ধ পদাৰ্থ ৰখাৰ বাবে জিম্মাত লৈছিল।