Local, Vocal, Global

Observation Homeৰ পৰা পলায়ন ৫ টা ৰহিংগীয়া শিশুৰ

নিউজ ডেস্ক, ৯ জুলাই : অসমৰ কাছাৰ জিলাৰ শিলচৰৰ এটা Observation Homeৰ পৰা পাঁচটা ৰোহিংগীয়া শিশু পলাই গৈছে।

শিলচৰৰ মেহেৰপুৰত চৰকাৰৰ দ্বাৰা পৰিচালিত শিশু পৰ্যৱেক্ষণ গৃহত অন্য শিশুৰ সৈতে নিয়োজিত আছিল Rohingya শিশুকেইটা।

খবৰ অনুসৰি, শিলচৰত হোৱা বান পৰিস্থিতিৰ সুযোগ লৈ নাবালকসকলে পৰ্যৱেক্ষণ গৃহৰ এখন দেৱাল ভাঙি কেন্দ্ৰত থকা দুজন স্থানীয় শিশুৰ সৈতে পলাই যায়। ঘটনাটো ১ জুলাইত সংঘটিত হৈছিল।

উল্লেখযোগ্য যে ২৮ মে’ত ৰেলযোগে দিল্লীৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হোৱা ৮গৰাকী মহিলা, ছয়জন পুৰুষ আৰু ১২ টা শিশুসহ ২৬ জন ৰোহিংগীয়াক ২৯ মে’ত শিলচৰ আৰক্ষীয়ে আটক কৰিছিল।

আৰক্ষীয়ে ২৬ জন ৰহিংগীয়াৰ মাজত থকা নাবালকসকলক পৰ্যৱেক্ষণ গৃহত আৰু আনসকলক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল।