Local, Vocal, Global

Watch | 4th day SMSS & KMSS Protest ,Chaper: চাপৰত চতুৰ্থ দিনাও অব্যাহত আছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

চাপৰ: চতুৰ্থ দিনাও অব্যাহত আছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কাৰ্যসূচী।চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী।হাতে হাতে প্লে কাৰ্ড লৈ প্ৰকৃত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

যেতিয়ালৈকে তেখেতসকলৰ দাবী মানি নলয় তেতিয়ালৈকে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি যাব বুলি জানিব দিয়ে সংগঠন দুটাই। ইফালে শনিবাৰে প্ৰতিবাদী ৰাইজৰ কাষত আহি থিয় দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলাম।

লগতে পঢ়ক: Watch | Patrol of Rapid Action Force in Golapara’s Rakhyasini area: গোৱালপাৰাৰ ৰাক্ষসিনীত ৰেপিড একচন ফ’ৰ্চৰ টহল