45 year old Malayalam actor Vinod Thomas Dies : মালয়ালম চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা বিনোদ থমাছৰ দেহাৱসান
এণ্টাৰটেনমেণ্ট ডেস্ক, ১৯ নৱেম্বৰ : জনপ্ৰিয় অভিনেতা বিনোদ থমাছৰ দেহাৱসান । মালয়ালম চলচ্চিত্ৰ অভিনেতা আছিল বিনোদ থমাছ । গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হয় মৃতদেহ(45 year old Malayalam actor Vinod Thomas Dies) ।
আশ্চৰ্যজনক কথা যে জনপ্ৰিয় অভিনেতাজনৰ মৃতদেহ সন্দেহজনক অৱস্থাত গাড়ীৰ পৰা উদ্ধাৰ কৰা হয়(Malayalam actor Vinod Thomas found dead inside parked car in Kerala) ৷
উল্লেখ্য যে , কেৰালাৰ পাম্পাডি জিলাৰ সমীপৰ এখন হোটেলত ৰখাই থোৱা এখন বাহনৰ পৰা উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ । বিগত কেইবাদিনৰ পৰা হোটেলত সমীপত ৰখাই থোৱা হৈছিল গাড়ীখন। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে(Popular Actor Vinod Thomas Found Dead Inside Parked Car In Kerala’s Kottayam) ।
আৰক্ষীয়ে জনোৱা মতে, হোটেলৰ পাৰ্কিং লটত ৰখাই থোৱা এখন গাড়ীত এজন ব্যক্তি বহু সময় ধৰি আবদ্ধ হৈ আছিল । সেই কথা গম পাই হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী সেই স্থানত উপস্থিত হৈ অভিনেতাগৰাকীক গাড়ীৰ পৰা উলিয়াই ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ 45 বছৰ আছিল ৷
সংবাদ মাধ্যমক দিয়া এক বিবৃতিত আৰক্ষীয়ে কয় যে , ‘‘আমি অভিনেতাগৰাকীক গাড়ীৰ ভিতৰত পাইছিলো আৰু তাৰ পিচত তেওঁক চিকিৎসালয়লৈ লৈ গৈছিলো । কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে’’ ।
লগতে আৰক্ষীয়ে জনাই যে ,ইতিমধ্যে অভিনেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । অৱশ্যে অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । আৰক্ষীয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব অভিনেতাগৰাকীৰ মৃত্যুৰ প্ৰকৃত সত্য(Malayalam actor Vinod Thomas found dead inside parked car in Kerala) ।
লগতে পঢ়ক : Shah Rukh Khan birthday: ৫৮ বছৰত ভৰি দিলে কিং খানে