Local, Vocal, Global

Israel-Hamas war : গাজাত বন্দী হৈ থকা প্ৰায় ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ

ইণ্টাৰনেশ্যনেল ডেস্ক , ১৯ নৱেম্বৰ : গাজাত বন্দী হৈ থকা প্ৰায় ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ । গাজাত বন্দী হৈ থকা প্ৰায় ২৪০ জন পণবন্দীৰ পৰিয়ালৰ লোক সমৰ্থকে শনিবাৰে জেৰুজালেমত প্ৰৱেশ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হামাছৰ সৈতে যুদ্ধ চম্ভালি লোৱাৰ আৰু আপোনজনক ঘৰলৈ অনাৰ বাবে অনুৰোধ জনায়।লগতে হামাছৰ সৈতে যুদ্ধ অব্যাহত ৰখা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে(Israel Hamas war) ।

তেল আভিভৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদকাৰীসকলে সমদল আৰম্ভ কৰে (Thousands march in Jerusalem to press Israel’s government to do more to free hostages held in Gaza)।

উল্লেখ্য যে, ৭অক্টোবৰত আৰম্ভ হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত(Israeli troops kill 5 Palestinians) । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ ফলত ইজৰাইলত প্ৰায় ১,২০০ গৰাকী লোক নিহত হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে আক্ৰমণ কৰে আৰু যোৱা ৬ সপ্তাহত ১১,৫০০ তকৈও অধিক পেলেষ্টাইনী নিহত হয় ।

ইজৰাইল-হামাছ যুদ্ধাৰ মাজতে হামাছ সন্ত্ৰাসবাদীয়ে বহু ইজৰাইল লোকক বন্দী কৰি লৈ গৈছিল । বন্দী লোকসকলক এতিয়ালৈকে মুকলি কৰি দিয়া নাই হামাছে । যাৰ বাবে শংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকলে ।

ইজৰাইল লোকক বন্দী কৰি লৈ য়োৱা লোকসকলৰ পৰিয়ালৰ লোকে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবীত হাজাৰ হাজাৰ লোকে ইজৰাইলৰ পতাকা আৰু বন্দী লোকসকলৰ ফটো লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জেৰুজালেমলৈ প্ৰায় ৭০ কিলোমিটাৰ খোজ কাঢ়ি যায় আৰু লাহে লাহে নেতান্যাহুৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হয়(Thousands march in Jerusalem to press Israel’s government to do more to free hostages held in Gaza) ।

শনিবাৰে জেৰুজালেমলৈ ৭০ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ সময়ত ইজৰাইলৰ পতাকা আৰু পণবন্দীসকলৰ ফটো লৈ সমদলকাৰীসকলে লাহে লাহে নেতানিয়াহুৰ কাৰ্যালয়ত একত্ৰিত হয়। নেতানিয়াহুৱে এতিয়াও তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ সন্মত হোৱা নাই, যাৰ ফলত বিক্ষোভকাৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ইফালে ইজৰাইলৰ যুদ্ধ মন্ত্ৰীসভাৰ আন সদস্যসকলে প্ৰাক্তন বিৰোধী নেতা বেনি গেণ্টজ আৰু প্ৰাক্তন সেনা প্ৰধান গাডি আইজেনকটে শনিবাৰে সন্ধিয়া পণবন্দী পৰিয়ালসমূহৰ প্ৰতিনিধিৰ সৈতে বহিব।

ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই প্ৰতিবাদৰ মাজতে যুদ্ধ কেবিনেটে বন্দীসকলৰ মাজত মহিলা আৰু শিশুসকলৰ মুক্তিৰ বাবে কাটাৰী-মধ্যস্থতাকাৰী চুক্তিৰ কথা বিবেচনা কৰি আছে । ইয়াৰ বিনিময়ত ইজৰাইলে কেইবাদিনো যুদ্ধবিৰতিৰ বাবে সন্মত হ’ব আৰু পেলেস্তাইনী বন্দীসকলৰো একাংশক মুক্তি কৰি দিব ।

আনহাতে গাজালৈ অপহৰণ কৰা ২৪০ জনতকৈ অধিক পণবন্দীৰ ভিতৰত পাঁচজনক মুকলি কৰি দিয়া হৈছে । ইয়াৰে চাৰিজনক কাটাৰৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ জৰিয়তে, আৰু এজনক ইজৰাইলী সৈন্যই উদ্ধাৰ কৰিছিল। তেওঁলোকৰ স্বাধীনতাই আন পৰিয়ালৰ আশা জগাই তুলিছিল।কিন্তু ইজৰাইলে এই সপ্তাহত দুজন পণবন্দীৰ মৃত্যু নিশ্চিত কৰিছে আৰু হামাছ আৰু ইছলামিক জেহাদে পণবন্দীসকলৰ কেইবাটাও ভিডিঅ’ প্ৰকাশ কৰিছে যিসকলক অসুস্থ যেন লাগিছিল, যাৰ ফলত বহুতৰে মাজত ভয় আৰু উদ্বেগ সৃষ্টি হৈছে।

লগতে পঢ়ক : Israel-Hamas war : নিজৰ স্থিতিত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু; কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ