বান, ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ লৈ বৃদ্ধি

দেৱভূমি উত্তৰাখণ্ডত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২ জমলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে দুৰ্যোগে দেখা দিছে। এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৪২ জন যদিও আগন্তুক সময়ত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। কিয়নো বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ নাইনিতাল জিলাতেই সৰ্বাধিক ২৫ গৰাকী লোকৰ মৃত্যু হৈছে।
ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ বাবে ক্ৰমান্বয়ে এটা অঞ্চল আন এটা অঞ্চলৰ পৰা বিচিন্ন হৈ পৰিছে।সকলোতে জমা হৈছে পানী। একে সময়তে আকৌ নদীবোৰৰ তীব্ৰ প্ৰবাহৰ বাবে বহুকেইখন দলং ভাঙি গৈছে। ইয়াৰ বাবে স্থানীয় পৰ্যটকসকল বহু ঠাইত আৱদ্ধ হৈ আছে। বায়ু সেনাই এই লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।
ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বানপীড়িতসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে। মৃতকৰ নিকটাত্মীয় আৰু যিসকলৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে, ঘৰ ভাঙিছে, তেওঁলোকক ৰাজ্য চৰকাৰে ১ লাখ ৯ হাজাৰ টকাৰ ক্ষতিপূৰণ দিব আৰু যিসকলৰ পশুধন ক্ষতিগ্ৰস্ত হৈছে তেওঁলোককো ক্ষতিপূৰণ দিয়া হ’ব বুলি উল্লেখ কৰিছে।