40 passengers poisoned in Bharat Gaurav Yatra train : ৰে’লত প্ৰদান কৰা খাদ্যত বিষক্ৰিয়া;খাদ্য খাই অসুস্থ ৪০ গৰাকীকৈ যাত্ৰী

নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ : এইবাৰ ৰে’লত প্ৰদান কৰা খাদ্যত বিষক্ৰিয়া । খাদ্য খাই অসুস্থ ৪০ গৰাকীকৈ যাত্ৰী । বৰ্তমান চিকিৎসাধীন আটাইকেইজন যাত্ৰী ।
চেন্নাই-পুনে অভিমুখী ভাৰত গৌৰৱ ৰে’লত সংঘটি হৈছে এক অঘটন ৷
মঙলবাৰে নিশা চেন্নাইৰ পৰা পুনেলৈ আহি আছিল IRCTC ৰ ভাৰত গৌৰৱ পেকেজ পৰ্যটক ৰে’লখন ৷ ৰে’লখনত প্ৰতিদিনে প্ৰদান কৰা দৰে যাত্ৰীসকলক মঙলবাৰে নিশাও খাদ্য প্ৰদান কৰা হৈছিল ৷ কিন্তু ৰে’লত প্ৰদান কৰা খাদ্য সেৱন কৰাৰ পিছতে ৪০ গৰাকী যাত্ৰী খাদ্য খাই অসুস্থ হৈ পৰে( Food poisoning incident aboard Chennai-Pune Bharat Gaurav train) ৷
জানিব পৰা মতে, ৰে’লত প্ৰদান কৰা খাদ্য খোৱাৰ পিছতে যাত্ৰীসকলৰ বমি আৰু পেটৰ বিষ হোৱাৰ অভিযোগ কৰিছিল ৷ এই অভিযোগৰ পিছতে লগে লগে ৰে’ল প্ৰশাসনে পুনে ৰে’ল ষ্টেচনক অৱগত কৰিছিল। ৰে’লৱে কৰ্তৃপক্ষৰ ফালৰ পৰা চাচুন চিকিৎসালয়ত খবৰ দিয়া হৈছিল ৷ খবৰ লাভ কৰিয়েই চিকিৎসকৰ এটা দল ৰে’ল ষ্টেচনত উপস্থিত হয়(40 passengers on Chennai-Pune Bharat Gaurav Train suffer from food poisoning) ৷
ৰে’লখন পুনেত প্ৰৱেশ কৰাৰ পিচতে অসুস্থ যাত্ৰীসকলক লগে লগে ষ্টেচনত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
ৰে’ল প্ৰশাসনেৰ তথ্য অনুসৰি, বৰ্তমান সকলো যাত্ৰী কুশলে আছে ৷
এই ঘটনাৰ পিছতে ৰে’ল যাত্ৰী গোটৰ সভাপতি হৰ্ষ শ্বাহে কয় যে, ৰে’লখনত দুজনকৈ IRCTC ৰ বিষয়া নিয়োজিত হৈ আছে ৷ লগতে তেওঁ প্ৰশ্ন কৰে যে এই খাদ্য পৰীক্ষা কিয় কৰা নাছিল ? যাত্ৰীসকলে ১০ দিনৰ ভ্ৰমণ ভিত্তিত ধন পৰিশোধ কৰিছে যাতে তেওঁলোকে সকলো পৰ্যাপ্ত সকলো সুবিধা লাভ কৰিব পাৰে ৷ আৰু তেওঁলোকে যিকোনো সুবিধা লাভ কৰিব পাৰে ৷ শ্বাহে এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ ।
লগতে পঢ়ক : PM Modi speaks to workers rescued from Uttarkashi Tunnel : সুৰংগৰ পৰা উদ্ধাৰ শ্ৰমিকসকলৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ