Bus plunges into gorge in Doda : জম্মু- কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ
নেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি । বৰ্তমানলৈ ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ফলত মৃতকৰ সংখ্যা ৩৬জনলৈ বৃদ্ধি ।
উল্লেখ্য যে বুধবাৰে জম্মু- কাশ্মীৰত সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত বাগৰি পৰে(36 Dead as Bus falls into gorge in Doda) ।
জানিব পৰা মতে, কিষ্টৱাৰৰ পৰা জম্মু অভিমুখে গৈ আছিলে যাত্ৰীবাহী বাছখন । সেই সময়তে যাত্ৰীবাছখনে পথৰ পৰা আঁতৰি আহি আছাৰ অঞ্চলৰ ট্ৰুংগালৰ সমীপৰ ঠেক ঢালৰ পৰা তললৈ নামি যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়( Bus plunges into gorge in Doda, 36 bodies retrieved)।
এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমানলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বৰ্তমানলৈ উদ্ধাৰকাৰী দলে ৩৬ টা মৃতদেহ উদ্ধাৰ কৰে । লগতে উদ্ধাৰ কৰে আহত ১৯গৰাকীকৈ যাত্ৰীক(36 dead after bus falls into a gorge in J&K’s Doda) ।
এই দুৰ্ঘটনাৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক্স ৰ জড়িয়তে কয় যে তেওঁ ইতিমধ্য়ে ডোডা জিলাৰ উপায়ুক্ত হৰবিন্দৰ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে । আহত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব(36 Dead as Bus falls into Gorge)।লগতে মন্ত্ৰীগৰাকীয়ে কয় যে “আহতসকলক উন্নত চিকিসাৰ বাবে স্থানান্তৰিত কৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰা হ’ব আৰু সকলো সম্ভাৱ্য সহায় আগবঢ়াও হ’ব ।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এক্সৰ এক পোষ্টৰ জড়িয়তে নিহত লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। লগতে তেওঁ কয় যে’ডোডাৰ আছাৰত সংঘটিত হোৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ বাবে মই অতি দুঃখিত আৰু মৰ্মাহত(36 killed, 19 hurt as bus falls into gorge in Jammu & Kashmir’s Doda) ।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে জম্মুৰ সংমণ্ডল আয়ুক্ত ৰমেশ কুমাৰে কয় যে , বাছখন বাট’টে-কিষ্টৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰুংগল-আছাৰৰ সমীপত পথৰ পৰা পিছলি ৩০০ ফুট তললৈ নামি যায়।ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও দুখ প্ৰকাশ কৰে ।
এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ‘জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনা লৈ মই অতি মৰ্মাহত ।’ মই মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে। মই প্ৰাৰ্থনা কৰোঁ যাতে আহতসকল সোনকালে আৰোগ্য লাভ কৰে,” । লগতে প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলক ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱা কথা সদৰি কৰে ।
লগতে পঢ়ক : 25 Dead as Bus falls into Gorge : নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ