গৰুখুটি প্রকল্প ৰূপায়ন এক জাতীয় দায়িত্বমুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্রত নামিছে আব্দুল খালেক : বিজেপি অসম প্ৰদেশ By MyNewsNE Desk On Dec 30, 2021 Last updated Dec 31, 2021 Share গুৱাহাটী,ঃগৰুখুটি প্রকল্প আৰু অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্বশমাৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্রণােদিতভাৱে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্রত একাংশ তথাকথিতবুদ্ধিজীৱী,ৰাজনৈতিক দল, সংগঠন তথা ব্যক্তি লিপ্ত হৈছে। কংগ্ৰেছী সাংসদ আব্দুল খালেক বক্তব্যও এই ষড়যন্ত্রৰ অংশবিশেষ। এক প্ৰেছ বিবৃতিত বিজেপি অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই কয়,গৰুখুঁটিত অসমৰ জাতীয় জীৱনৰ আৱেগ জড়িত হৈ আছে। ঐতিহাসিক অসম আন্দোলনত এই গৰুখুঁটিত কেইবাজনাে ভূমিপুত্ৰই প্রাণ আহুতি দিছিল। তেনেস্থলত এই গৰুখুঁটি উদ্ধাৰ আৰু প্রকল্প ৰূপায়ণ কৰাতাে এক জাতীয় দায়িত্ব। অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শমই এই জাতীয় দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছে। বিবৃতিখনত মুখপাত্র সুভাষ দত্তই কয়, অবৈধ অনুপ্রৱেশকাৰী ৰহিংগীয়াৰ বাবে মৰিবলৈও সাজু হােৱা আব্দুল খালেকৰ দৰে অবৈধ অনুপ্রৱেশকাৰী বেদখলকাৰীৰপ্রবক্তাৰ স্বৰূপ আজি অসমৰ ৰাইজৰ সন্মুখত আকৌ এবাৰ স্পষ্ট হৈছে। ১৯৮৩ চনত দয়ানাথশমাকে ধৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ হত্যাকাৰী বেদখলকাৰীৰ পক্ষ লৈ আব্দুল খালেকে খিলঞ্জীয়া বিৰােধী স্থিতি গ্রহণ কৰি ভ্ৰষ্টাচাৰী কংগ্রেছৰ খিলঞ্জীয়া বিৰােধী স্থিতিও আকৌ এবাৰ প্রমাণিত কৰিছে। অসমৰ খিলঞ্জীয়া ভূমিপুত্র জনগােষ্ঠীৰ বাসভূমি-কৃষিভূমিও অবৈধ অনুপ্রৱেশকাৰীৰে ভৰাই ভৱিষ্যতে অসমকইছলামিক ৰাষ্ট্রৰ লগত চামিল কৰাৰ জিন্নাৰ সপােন বাস্তৱায়িত কৰিবলৈ নিৰৱচ্ছিন্ন অপচেষ্টা অব্যাহত ৰখা আব্দুল খালেকৰ দৰে ৰহিঙ্গীয়া প্রেমী নেতাৰ এইয়া আগ্রাসী ৰূপৰ চূড়ান্ত নিদর্শন। বিবৃতিখনত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই অসমৰ জাতীয় জীৱনক অর্থনৈতিক আন্দোলনৰ এক প্রগতিশীল ধাৰাৰ সৈতে সংযুক্ত কৰাৰ বাবে গৰুখুঁটিৰ দৰে প্ৰকল্পৰ যােগেদি উৎপাদনমুখী আৰু বহুমুখী প্রকল্পৰ পৃষ্ঠপােষকতা চৰকাৰীভাৱে কৰা হৈছে। অসমৰ বিভিন্ন প্রান্তত চলি থকা অবৈধ বেদখলকাৰীক উৎসাহিত কৰাৰ উদ্দেশ্য ৰাজনৈতিক উদ্দেশ্যপ্রণােদিতভাৱে কংগ্ৰেছী সাংসদগৰাকীয়ে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্র লিপ্ত হােৱা বুলি অভিযােগ কৰি মুখপাত্র সুভাষ দত্তই আব্দুল খালেকৰ দৰে নেতাৰ পৃষ্ঠপােষকতা কৰা কংগ্ৰেছ দলে আগন্তুক সময়ত খিলঞ্জীয়া ভূমিপুত্র জনগােষ্ঠীয় ৰাইজৰ মাজলৈ যােৱাৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে।অসমৰ জাতীয় জীৱনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া কংগ্ৰেছ দলৰ তুস্তিকৰণৰ ৰাজনীতিৰ বাবেই যে দয়ানাথ শৰ্মাৰ দৰে ৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে আই অসমীৰ বুকু ৰাঙলী হৈছিল সেয়া আব্দুল খালেকৰ দৰে নেতাৰ আচৰণেৰে আকৌ এবাৰ অসমৰ ৰাইজক মনত পেলাই দিলে। অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে জাতীয় দায়িত্ব পালন কৰিবলৈ যাওতে এনেধৰণৰ ষড়যন্ত্রৰ সন্মুখীন হ’ব লগা হৈছে। বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ গৰুখুঁটিকে ধৰি বহু অঞ্চলত অবৈধ অনুপ্রৱেশকাৰী সকলে বেদখল কৰি আছে। ঐতিহাসিকভাৱে এই ভূ-খণ্ড খিলঞ্জীয়া ভূমিপুত্র জনগােষ্ঠীয়লােকৰহে আছিল।মুখপাত্রজনে কয় অসমৰ বুকুত খিলঞ্জীয়া ভূমিপুত্র জনগােষ্ঠীয় কৃষকৰ ভূমি বেদখলকাৰী অবৈধ অনুপ্রৱেশকাৰীৰ কবলত পৰা মুক্ত কৰিবলৈকে অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটক ভোট দিছে। গৰুখুঁটি অসমৰ জাতীয় জীৱনৰ বাবে এক স্বাভিমান আৰু আদৰ্শৰ প্রকল্প’আৰু ইয়াকে লৈ কোনাে ষড়যন্ত্র আৰু অপ-প্রচাৰ সহ্য কৰা নহব বুলি মুখপাত্রজনে বিবৃতিখনত সকীয়াই দিছে।ReplyForward Share FacebookTwitterReddItWhatsAppPinterestEmail