Local, Vocal, Global

আজি ভয়াৱহ ৩০ অক্টোৱৰ

৩০ অক্টোৱৰ, ২০০৮ৰ সেই ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাই এতিয়াও সকলোৰে বুকু কঁপায়। অভিশপ্ত ৩০ অক্টোৱৰ সেই ক’লা অধ্যায়ৰ কথা মনলৈ আহিলে আজিও গাৰ নোম শিয়ঁৰি উঠে সকলোৰে। ধাৰাবাহিকভাৱে সংঘটিত হৈছিল বোমা বিস্ফোৰণ৷

গণেশগুৰি, পানবজাৰ, ফাঁচিবজাৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাত হৈছিল বোমা বিস্ফোৰণ। NDFBৰ এই ধাৰাবাহিক বিস্ফোৰণে ৮০জনৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে চিৰদিনৰ বাবে পংগুত্ব জীৱন কটাবলগীয়া হৈছে পাঁচ শতাধিক লোকে। কোনোবাজন হৈছিল পিতৃহাৰা, কোনো হৈছিল মাতৃহাৰ, কাৰোবাৰ ভাতৃক, কাৰোবাৰ ভগ্নীক, কাৰোবাৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাইছিল সেই অভিশপ্ত দিনটোত। কিন্তু ন্যায় পালেনে ভুক্তভোগী পৰিয়ালসমূহে। যন্ত্ৰণাৰ ১২টা বছৰ কেনেকৈ আপোনজনক হেৰুৱাই নীৰৱে আছে তেওঁলোক সেয়া হয়তো প্ৰকাশ কৰা টান। ২০০৮ চনৰ আজিৰ এই দিনটোতে প্ৰাণ হেৰুৱাইছিল প্রায় অৰ্ধশতাধিক নিৰীহ লোকে। যাৰ বাবে আজি ৩০ অক্টোবৰ দিনটোক ক’লা দিন হিচাপে সকলোৱে মানি লয়। নিহতসকলক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে গণেশগুৰি উৰণীয়া সেঁতুৰ তলত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।