Local, Vocal, Global

উজান বজাৰ ঘাটত গা ধুবলৈ গৈ উটি গ’ল ৩ যুৱক

নিউজ ডেক্স ,১৭জুলাই : গা ধুবলৈ গৈ ভৰা লুইতত গল উটি গ’ল ৩ জন যুৱক। দেওবাৰে গুৱাহাটীৰ উজান বজাৰৰ

ৰাজভৱনৰ সমীপত সংঘটিত এই অঘটন।

গৰমৰ পৰা পৰিত্ৰান পাবৰ বাবে ৫ জন যুৱকে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত।

তাৰেই মাজৰ তিনি জন হঠাতে ব্ৰহ্মপুত্ৰৰ পানীত নিখোজ হৈ পৰে। ঘটনা সম্পৰ্কে জনাৰ লগে লগে ঘটনাস্থলীত SDRF ৰ দল আহি উপস্থিত হয়।

লগে লগে SDRF ৰ দল আহি উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰকাৰ্য।

সন্ধানহীন হোৱা তিনি যুৱকৰ এজনৰ পৰিচয় উদ্ধাৰ কৰা হৈছে কিশোৰ জনৰ নাম ধীৰাজ ডেকা । শিলপুখুৰীৰ গান্ধীবস্তিত ঘৰ সন্ধানহীন ২১বছৰীয়া যুৱকজনৰ। অন্য় কেইজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।