কৰিমগঞ্জত ৩ কনিষ্টবল, ৬জন চাকৰি প্রার্থীক গ্রেপ্তাৰ

দুর্নীতি–নিয়মৰ বিৰুদ্ধে বর্তমানৰ ৰাজ্য চৰকাৰখনে কঠোৰতম ব্যৱস্থা গ্রহণ কৰাৰ পাছতো একাংশই পৰিত্যাগ কৰা নাই কমিছনভোগী মানসিকতা ৷ ৰাজ্যৰ ভিন্ন প্রান্তত প্রায় প্রতিনিয়ত এনেধৰণৰ দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া–কর্মচাৰী আৰু দালাল জালত পৰিছে ৷
লক্ষণীয়ভাৱে অসম আৰক্ষীৰ কনিষ্টবল বাছনি পৰীক্ষাতো এটা চক্রই বিয়পাই দিছে অনিয়ম ৷ চাকৰি লাভৰ পথ সুচল কৰি দিয়াৰ প্রলোভন দি ধন সংগ্রহ কৰা এই চক্রটোৰ কেইবাজনৰ লগতে একাংশ প্রার্থীও ইতিমধ্যে ধৰা পৰিছে ৷ ইয়াৰ মাজতে আৰক্ষীৰ বাছনি পৰীক্ষাত দুর্নীতিত লিপ্ত থকাৰ অভিযোগত কৰিমগঞ্জত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে মুঠ ৯জন লোকক ৷ ইয়াৰে ৩জন অসম আৰক্ষীৰ কনিষ্টবল হোৱাৰ বিপৰীতে আন ৬জন হ’ল চাকৰি প্রার্থী ৷
জানিব পৰা মতে, আৰক্ষীয়ে গ্রেপ্তাৰ কৰাসকল হৈছে কনিষ্টবল হান্স সিং, মহিলা কনিষ্টবল ৰিংকু দাস, ড্রাইভাৰ কনিষ্টবল জাহিৰ আহমেদ, চাকৰি প্রার্থী ৰাহুল খান, নুৰ আহমেদ, ৰীতা দাস, পাৰমিতা দাস, জাবৰুল হক আৰু প্রিয়া সিং ৷ বাছনি পৰীক্ষাত দুর্নীতি সংঘটিত হোৱা বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷ পৰৱর্তী সময়ত আন কেইবাজনো পৰীক্ষার্থী আৰু পৰীক্ষাৰে জড়িত ব্যক্তি গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷