Local, Vocal, Global

29 Dead After Fire At Istanbul Nightclub : নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ ২৯ জন লোক

ইণ্টাৰনেশ্যনেল ডেস্ক,৩এপ্ৰিল : নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ ২৯ জন লোক।

তুৰস্কৰ ইস্তানবুলৰ এটা নাইট ক্লাবত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Fire at nightclub in Turkey’s Istanbul kills at least 29 people)।

জানিব পৰা মতে, তুৰস্কৰ ইস্তানবুলৰ এটা ১৭ মহলীয়া অট্টালিকাৰ একেবাৰে তলৰ মহলাত অৱস্থিত আছিল নাইট ক্লাবটো। কিন্তু পুনৰ্নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে মহলাটোত দুৱাৰ-খিৰিকিবোৰ বন্ধ আছিল। পুনৰনিৰ্মাণ চলি থকা অৱস্থাতে দিনৰ ভাগতে সংঘটিত হয় এই অগ্নিকাণ্ডটো। তুৰস্কৰ বেছিকটাছত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো।

বন্ধ হৈ থকাৰ পিছতো নাইট ক্লাবটোত কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ’ল সেইবিষয়ে অনুসন্ধান চলাই থকা হৈছে। দুৰ্ঘটনাটোত যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোক ক্লাবটোৰ পুনৰ্নিৰ্মাণ কাৰ্যত জড়িত হৈ থকা শ্ৰমিক বুলি অনুমান কৰা হৈছে(29 Dead After Fire At Istanbul Nightclub)।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্লাবটোৰ মেনেজাৰসহ কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।

লগতে পঢ়ক : 5 drugs peddler arrested : মহানগৰীত ড্রাগছসহ আটক সৰবৰাহকাৰী