Local, Vocal, Global

Road Accident : ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,আহত ২০ গৰাকীকৈ যাত্ৰী

ৰঙিয়া, ১জুন’ : ৰাজ্যত সঘনাই বৃদ্ধি পাই আহিছে পথ দুৰ্ঘটনা (Road Accident)। ইটোৰ পিছত সিটো পথ দুৰ্ঘটনাই ৰাজ্যবাসীক শংকিত তথা চিন্তিত কৰি তুলিছে। ৰাজ্যত দৈনিক বিভিন্ন কাৰণত পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। আৰু এই পথ দুৰ্ঘটনাৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শেহতীয়াকৈ জালুকবাৰীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত ৭জনকৈ লোক নিহত হয়। জালুকবাৰীত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ কঠোৰ নিয়ম পালন কৰাৰ বাবে নিৰ্দেশ জাৰী কৰে। আৰু যিসকল লোকে যান-বাহনৰ নীতি-নিয়ম উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়াৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা(Rangia terrible road accident) ৷ বৃহস্পতিবাৰে পুৱাই ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে খুন্দিয়াই চাৰ্ছ পাব্লিক স্কুলৰ বাছত । জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত যাত্ৰীবাহী বাছখনত থকা প্ৰায় ২০ গৰাকী যাত্ৰী আহত হয়(20 Passenger Injured) ৷ সৌভাগ্যক্ৰমে চাৰ্ছ পাব্লিক স্কুলৰ বাছখনত নাছিল কোনো শিক্ষাৰ্থী ৷

তথ্য অনুসৰি, পুৱাই পূৱ দিশৰ পৰা অহা স্কুল বাছখনে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লয় । সেই মূহুৰ্ততে বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰে খুন্দা মাৰে স্কুল বাছখনক । যাৰফলত স্কুল বাছখন তিনিবাৰ লুটি-বাগৰ খাই এটা বিদ্যুতৰ খুঁটাত খুন্দিয়াই আৰু বাছখন ৰৈ যায় । ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুল বাছখনৰ চালক, হেণ্ডিমেন আৰু যাত্ৰীবাহী বাছখনৰ ২০ গৰাকী লোক (Many people injured in Road Mishap at Rangia)।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহত লোকসকলক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই আৰু দুজন লোকক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় । আনহাতে, এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বহু সময়লৈকে বন্ধ হৈ পৰে নলবাৰী অভিমুখী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ।

লগতে পঢ়ক : AMC, GMC, FAAMC Recognition Suspended By NMC : AMC, GMC, FAAMC স্বীকৃতিমুক্ত কৰা হৈছে NMC ৰ দ্বাৰা