Local, Vocal, Global

নাগালেণ্ডৰ লাইনচিলিপ কয়লাখনিৰ গেছ নিৰ্গমণত নিহত ২জন, আহত ৭

নিউজ ডেস্ক,৩০ মাৰ্চঃ নাগালেণ্ডৰ মন জিলাৰ লাইনচিলিপ কয়লাখনিত অঘটন। কয়লাখনিত শ্ৰমিকে কৰ্মৰত হৈ থকা অৱস্থাত গেছ নিৰ্গমণ হৈ সংঘটিত হয় অঘটন ৷

এই গেছ নিৰ্গমণৰ ফলত দুজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে ৭ জনকৈ শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰে ।

শ্ৰমিককেইজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজ আৰু হাস্পাতালত ভৰ্তি কৰা হয় ৷

গুৰুতৰভাৱে অসুস্থ হৈ পৰা শ্ৰমিককেইজন গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ আৰিফ আহমেদ, সমীৰ আলী, নবিৰ হুছেইন, সবিবোৰ ৰহমান, উষ্মান আলী, আব্দুল মুটলাব আৰু দিলদৰ হুছেইন বুলি জানিব পৰা হৈছে ।