Local, Vocal, Global

18 Obscene OTT apps BLOCKED in 2024: অশ্লীল ভিডিঅ’ দেখুওৱা এপৰ বিৰুদ্ধে কঠোৰ চৰকাৰ; ১৮টাকৈ এপত নিষেধাজ্ঞা

নিউজ ডেস্ক,২ডিচেম্বৰ : অশ্লীল ভিডিঅ’ পৰিবেশন কৰা এপসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ডিচেম্বৰ মাহত চৰকাৰে জনাইছিল যে অশ্লীল কন্টেন্ট দেখুওৱা ১৮টা অ’টিটি এপ ব্লক কৰা হৈছে। ভাৰতীয় আইনৰ অধীনত অমাৰ্জিত বিষয়বস্তু দেখুওৱা ছবি বা ভিডিঅ অবৈধ বুলি গণ্য কৰা হয়(18 Obscene OTT apps BLOCKED in 2024)।

অশ্লীল বিষয়বস্তু পৰিবেশন কৰাৰ অভিযোগত এই এপসমূহৰ মালিকৰ বিৰুদ্ধেও চৰকাৰে ৰুজু কৰিছে গোচৰ। কিছুদিন পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এনে বহু এপ নিষিদ্ধ কৰিছিল।এই প্লেটফৰ্মসমূহে ভাৰতীয় আইন ভংগ কৰি অশ্লীল বিষয়বস্তু দেখুৱাইছিল। এই ব্যৱস্থাৰ অধীনত ১৯টা ৱেবছাইট, ১০টা মোবাইল এপ আৰু ইয়াৰ সৈতে জড়িত ৫৭টা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়,তাৰ পিছতেই ভাৰতত সেই ৱেবছাইট আৰু এপসমূহ বিকল হৈ পৰিছিল।

লগতে পঢ়ক :Water pipe explosion in Guwahati:পুনৰ গুৱাহাটী মহানগৰীত জলবিস্ফোৰণ; আহত শিশু, সন্ধানহীন যুৱক