Local, Vocal, Global

Mumbai duststorm: মুম্বাইত ধূলিৰ ধুমুহা; ১০০ ফুট ওখ হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যু,আহত ৭০জন

নেশ্যনেল ডেস্ক,১৪মে’ : মুম্বাইত ধূলিৰ ধুমুহা আৰু বৰষুণৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই অঘটনটো(Mumbai duststorm)।

সোমবাৰে নিশা ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ’ল পাম্পত অবৈধভাৱে ৰখা ১০০ ফুট ওখ এখন হৰ্ডিং ভাঙি পৰে ফলত ১৪ জন লোকৰ মৃত্যু হয় লগতে আহত হয় ৭০জনতকৈ অধিক লোক(14 dead, 70 injured as 100-ft tall billboard falls at petrol pump; high-level inquiry) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে এন ডি আৰ এফ (নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ)ৰ এটা দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ হৰ্ডিঙে হেচি ধৰা লোকসকলক উদ্ধাৰ কৰে।

মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক। আনহাতে ৩১ জনক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা উলিয়াই দিয়া হৈছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে সন্ধিয়া ভাগত ঘটনাস্থল পৰিদৰ্শন কৰে। তেওঁ কয় যে, ঘটনাৰ দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। হ’ৰ্ডিং ভাঙি পৰা কাণ্ডৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে মৃতকৰ আত্মীয়ক পাঁচ লাখ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক : Former Bihar deputy CM Sushil Modi passes away : বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুশীল মোদীৰ দেহাৱসান