Local, Vocal, Global

অসমৰ ১২৬৭ খন বিহু কমিটীয়ে এইবাৰ লাভ কৰিব চৰকাৰী সাহায্য-মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, ৪ এপ্ৰিলঃআজি অসম চৰকাৰে প্ৰদান কৰিলে ৰঙালী বিহু উদযাপন সমিতিসমূহক এককালীন আৰ্থিক সাহায্য। শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰিলে এই সাহায্য। মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে সাহায্য প্ৰদান কাৰ্যসূচীৰ।

পৰম্পৰাগত পোছাক পৰিধান কৰি অনুষ্ঠানলৈ আহে প্ৰতিখন কমিটীৰ প্ৰতিনিধি। আজি আনুষ্ঠানিকভাৱে ৫খন কমিটীক প্ৰদান কৰা হয় এককালীন সাহায্য।

কামৰূপ মহানগৰৰ ১৩৮খন বিহু কমিটী আৰু কামৰূপ গ্ৰাম্যৰ ১৪২খন বিহু কমিটীক প্ৰদান কৰা হ’ব এককালীন সাহায্য। ৰাজ্যৰ মুঠ ১২৬৭খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

১.৫ লাখ টকাকৈ প্ৰদান কৰিব প্ৰতিখন বিহু কমিটীক। জিলা উপায়ুক্তৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব চৰকাৰৰ এই সাহায্য।

উল্লেখ্য যে, ১০ বছৰ ধৰি ৭ দিনৰ ভিতৰত বিহু উদযাপন কৰা বিহু সন্মিলন সমূহক অৰ্থসাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সাত বিহুৰ ভিতৰতে বিহু উদযাপন কৰাৰো আহ্বান জনায় মন্ত্ৰী বিমল বড়াই।