Local, Vocal, Global

ঝাৰখণ্ডত নাও দূৰ্ঘটনা-নাও ডুব যোৱাৰ ফলত ১২ জন সন্ধানহীন

নিউজ ডেস্ক, ২৫ ফ্ৰেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ বাৰবেণ্ডিয়াত অঘটন। নাও ডুব যোৱাৰ ফলত ১২ জন লোক সন্ধানহীন। নাওখন ১৮ জন যাত্ৰীক লৈ ধনবাদৰ নিৰ্ছাৰ পৰা জামতাৰালৈ গৈ আছিল । বাৰবেণ্ডিয়া দলঙৰ কাষ পাওতেই অহা ধুমুহাৰ ফলত নাওখন ডুব যায়। ইয়াৰপিছতেই নাওখনত থকা ১৬ জন যাত্ৰী সন্ধানহীন হয়। অৱশ্যে এন ডি আৰ এফে লগে লগে উদ্ধাৰ অভিযান চলায় ৪ জন লোকক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পটাললৈ প্ৰেৰণ কৰে। কিন্তু ১২ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধানত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।