Local, Vocal, Global

পশ্চিম বংগ: এজন সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ পৰা এজন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰে। লোকজন জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী বুলি সন্দেহ কৰাহৈছে, বিষয়াসকলে জনায়।

এজন বিষয়াই জনোৱা অনুসৰি, এনআইএয়ে সুভাষগ্ৰাম অঞ্চলত তালাচী অভিযান চলাইছিল, এক গোপন সূত্ৰ লাভ কৰাৰ পিছত। তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে সম্পৰ্কিত কেইবাটাও নথিপত্ৰৰ উপৰিও তেওঁৰ দখলৰ পৰা ভুৱা ভোটাৰ আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে।

বিষয়াজনে কয়, “তেওঁৰ দখলৰ পৰা ভুৱা ভোটাৰ আৰু আধাৰ কাৰ্ড জব্দ কৰা হৈছে। তেওঁক জেৰা কৰা হৈছে। তেওঁ কেনেকৈ আৰু কেতিয়া ভাৰতত প্ৰৱেশ কৰিছিল আমি জানিবলৈ চেষ্টা কৰি আছো।”