ৰাষ্ট্ৰীয় পৰ্যায়ৰ টং -ইল-মুডো মাৰ্চিয়েল আৰ্টছত তৃতীয় স্থান লাভ কৰিছে অসমে

গুৱাহাটী:২৪,২৫আৰু২৬ ডিচেম্বৰত হায়দৰাবাদৰ তেলেংগনা চহৰত ভাৰতীয় টং-ইল-মুদু সন্থাৰ অধীনত সপ্তম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ/জুনিয়ৰ/চিনিয়ৰ আৰু কেডেট শাখাত খেল খন অনুষ্ঠিত হৈছিল। উক্ত খেল খনত অসম টং-ইল-মুডো সন্থাৰ ৫২জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছিল।অসমৰ পৰা যোৱা ৫২জনীয়া দলটোক আন্ত ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈৰ নেতৃত্বত এই খেল খনত অসমে অংশগ্ৰহণ কৰি সোন, ৰূপ, আৰু ব্ৰঞ্জৰ ৩০ টা পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।৮টা সোণৰ পদক ১২টা ৰূপৰ পদক আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে অসম দলে তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিছে।
পদক অৰ্জন কৰা খেলুৱৈসকল হল ক্ৰমে,সোনৰ পদক বিজয়ী কুইন দেৱী, জুনন্যা বৰুৱা, নীলাক্ষী দেৱী,ভাইঅ’লিনা তালুকদাৰ, ৰিকিৰাজ ডেকা, প্ৰিয়ংকা বৰ্মন,বিচিত্ৰা ৰয়,মধুস্মিতা বায়ন ।ৰূপৰ পদক বিজয়ী সকল ক্ৰমে সত্যজিৎ লস্কৰ,মৌচুমী ডেকা, মৃণ্ময় ডেকা,নৱকান্ত ডেকা, বিউটি দাস বিশ্বাস, হিমাংশু নাথ,জিত মালাকাৰ, দীকুমণি ডেকা, বৃন্দাবন ৰয়,মানসী বৰ্মন, পূজা বৰ্মন,ভণিতা দেৱী।আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সকল হৈছে ক্ৰমে নয়ন জ্যোতি বৰদলৈ, মৃগঙ্গা ময়ূৰ তালুকদাৰ, দিগন্ত শৰ্মা, মনদ্বিপ মালাকাৰ,নয়ন মেধি,ৰাতুল মেধি,প্ৰিয়ংকা নাথ, জগদীশ ৰয়,ৰণিত ধৰ আৰু নীলাক্ষী দেৱী।