ৰাজ্যসভাৰ দুই আসনক লৈ অসমৰ বিৰোধী দলৰ অংকত লাগিছে জংক-পংক

নিউজ ডেস্ক, ৬জানুৱাৰী: বিগত কেইদিনমান ধৰি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ২ এপ্রিলত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসন। এই আসন দুখনত বৰ্তমান সাংসদ হিচাপে ক্ষমতাত আছে কংগ্রেছৰ ৰিপুন বৰা আৰু ৰাণী নৰহ। আসন দুখনক লৈ কাক কিদৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব এই লৈ উক-মুকনি বৃদ্ধি পাইছে বিৰোধী ৰাজনৈতিক দলৰ মাজত। সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিশেষকৈ কংগ্ৰেছে শংকিত হৈ পৰিছে নেকি? এয়াই এতিয়া বহু চৰ্চাৰ বিষয় অসমৰ ৰাজনৈতিক মহলত। কিয়নো বৰ্তমান কংগ্ৰেছৰ শিবিৰত বিধায়কৰ সংখ্যা যদিহে বাঘবৰৰ শ্বেৰমান আলী আৰু ৰহাৰ শশীকান্ত দাসক বাদ দিয়া হয় তেন্তে মুঠ বিধায়কৰ সংখ্যা হয় মাত্র ২৫ জন। আনহাতে এ আই ইউ ডি এফৰ ১৫ আৰু অখিল গগৈ, সৰভোগৰ মনোৰঞ্জন তালুকদাৰ মিলি বিৰোধী শিবিৰত মেজিক নম্বৰ হয় ৪২। কিন্তু লক্ষণীয় কথাটো হ’ল ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোট বন্ধনত এ আই ইউ ডি এফ দলেও অংশীদাৰ হিচাপে আছিল যদিও, উপ-নিৰ্বাচনৰ সময়ত ভূপেন বৰাই প্ৰদেশ কংগ্রেছৰ নতুন দায়িত্বভাৰ লৈয়ে মহাজোটৰ পৰা বিদায় দিলে এ আই ইউ ডি এফক। তাৰ পৰিপ্ৰেক্ষিতত এ আই ইউ ডি এফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে ৰাজ্যসভাৰ এখন আসনৰ বাবে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থী দিব। ইপিনে হয়তো আন এক অংক হব পাৰে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰক লৈ। এই দুগৰাকী বিধায়কে কাক সমৰ্থন কৰিব সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন। নে বিজেপিৰ হৈ কংগ্রেছৰ প্ৰাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰে প্ৰাৰ্থীত্ব পাব আদিবোৰ কথাই বৰ্তমান অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈছে।