Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : মঙলবাৰে উজনি অসমৰ শিৱসাগৰ জিলাত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ এজন ডকাইত। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ অৱস্থাত আৰক্ষীৰ গুলীত আহত হয় এজন সন্দেহযুক্ত ডকাইত ।

আনহাতে, ডকাইতজনক অৰুণ কুৰ্মী বুলি চিনাক্ত কৰা হৈছে আৰু ঘটনাটো সংঘটিত হৈছিল শিৱসাগৰ জিলাৰ চেপনত। কুৰ্মীক মঙলবাৰে সন্ধিয়া আন বহুতো অপৰাধজনিত কাৰণত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, এনকাউণ্টাৰৰ ফলত ভৰিত আঘাতপ্ৰাপ্ত লোকজন বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত (এএমচিএইচ) চিকিৎসাধীন হৈ আছে।