Local, Vocal, Global

ৰাজনীতিক, অভিনেতা পদ্ম কৈৰী প্ৰয়াত

বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ মৃত্যু ৷ দীৰ্ঘদিন ধৰি অসুষ্ট হৈ থকা কৈৰীয়ে গুৱাহাটীৰ ডাউন টাউন হস্পিটালত শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৮৫ চনত বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল কৈৰী ৷ ৰঙানদী, বুধু অৰ্জুন, ৰতন লাল, মায়া, মা আদি বহুকেইখন অসমীয়া ছবিত অভিনয় কৰিছিল তেওঁ। গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত জনপ্ৰিয়  ধাৰাবাহিক ‘চিৰিচ’তো অভিনয় কৰিছিল কৈৰীয়ে৷ অভিনয়ৰ লগতে কেইবাখনো ছবি আৰু ধাৰাবাহিক পৰিচালনাও   কৰিছিল তেওঁ।  ১৯৫২  চনত জন্ম লাভ কৰা কৈৰীয়ে ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ মৃত্যুত বিশ্বনাথত পৰিছে শোকৰ ছা ৷ ৰাজ্যৰ ৰাজনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰ খনতো পৰিছে গভীৰ শোকৰ ছাঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পদ্ম কৈৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।