Local, Vocal, Global

ৰঞ্জিত বৰাক হত্যাৰ সন্দেহত পাঞ্জাবাৰীৰ আমিৰ আলীক মৰিগাঁৱত গ্ৰেপ্তাৰ

মহানগৰীৰ পাঞ্জাবাৰীত দিন-দুপৰতে গাড়ীৰ ভিতৰত ধনলুট কৰিবলৈ অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ লোকজনক গুলীয়াই হত্যা কৰিছিল৷ ৰঞ্জিত বৰা হত্যাকাণ্ড সন্দৰ্ভত আজি মৰিগাঁৱৰ এজন যুৱকক আটক কৰিছে মহানগৰ আৰক্ষীয়ে৷ আটক কৰা লোকজন পাঞ্জাবাৰীৰ বাসিন্দা আমিৰ আলী বুলি জানিব পৰা গৈছে৷ আমিৰ আলীৰ শহুৰেকৰ ঘৰ মৰিগাঁৱত৷ শহুৰেকৰ ঘৰত থকা অৱস্থাতে আটক কৰা হয়। মৰিগাঁও বৰিগাঁৱৰ পৰা আটক। পূৰবী ডায়েৰীৰ কৰ্মচাৰী ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰা অভিযোগ উঠিছে। পাঞ্জাবাৰীৰ আমিৰ আলীয়ে বৰিগাঁৱৰ শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।